উত্তৰ প্ৰদেশৰ হাথৰাচত শোকাৱহ পথ দুর্ঘটনা

70

উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা। এখন বাছ আৰু সামগ্ৰী কঢ়িওৱা বাহনখনৰ মাজত হৈছে সংঘৰ্ষ । য’ত দুয়োখন বাহনৰ আৰোহীসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।দুৰ্ঘটনাস্থলীত ১৫জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ১৮জন লোক আহত হোৱা বুলি কোৱা হৈছে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাছত আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত মৃতদেহৰ লগতে আহত লোকসকলক এম্বুলেন্সত চিকিৎসালয়লৈ লৈ যায়।বিষয়াসকলৰ মতে, দুৰ্ঘটনাটোত এতিয়ালৈকে ১৫জন লোকৰ মৃত্যু হৈছে। আনহাতে ১৮জন লোক আহত হৈছে। ইয়াৰে ৮জন লোকৰ অৱস্থা অধিক সংকটজনক হৈ আছে। আহত আৰু মৃতসকলক জিলা চিকিৎসালয় হাথৰাছলৈ প্ৰেৰণ কৰা হৈছে। আহতসকলৰ চিকিৎসা ইতিমধ্যে আৰম্ভ হৈছে। আনহাতে গুৰুতৰভাৱে আহত ৮জন লোকক চিকিৎসা মহাবিদ্যালয় আলিগড়লৈ প্ৰেৰণ কৰা হৈছে।