উত্তৰ প্ৰদেশৰ নয়ডাত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ছাই হ’ল পুতলা নিৰ্মাণ ফেক্টৰী

70

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ নয়ডাত বুধবাৰে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জ্বলি ছাই হ’ল এটা পুতলা নিৰ্মাণ কৰা ফেক্টৰী। নয়ডাৰ চেক্টৰ ৬৩ত থকা পুতলা নিৰ্মাতা ফেক্টৰীৰ দ্বিতীয় মহলাত সংঘটিত অগ্নিকাণ্ডৰ ফলত অঞ্চলটোত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।

পিছত ঘটনাস্থলীত ২০ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়। এই ভয়ংকৰ অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সা-সম্পত্তি ভষ্মীভূত হৈ পৰে। অৱশ্যে বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই।