উত্তৰ প্ৰদেশত বিজেপি বিধায়কৰ ঘনিষ্ঠৰ গুলীবৰ্ষণ, এজন নিহত

111

ডিজিটেল ডেস্ক: এটাৰ পিছত এটা অপৰাধ সংঘটিত হ’বলৈ ধৰিছে যোগী ৰাজ্যত। নিজকে সফল মুখ্যমন্ত্ৰী বুলি দাবী কৰিব বিচৰা যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দিনত উত্তৰ প্ৰদেশত অৱধাৰিতভাৱে সংঘটিত হৈছে হত্যা, ধৰ্ষণ, লুণ্ঠনৰ দৰে ঘটনা। হাথৰসৰ কাণ্ডই সমগ্ৰ দেশ কঁপাই তোলাৰ সময়তে বালিয়াত সংঘটিত হৈছিল আন এক অমানৱীয় কাণ্ড। তাৰ পিছতে পুনৰ বালিয়াত সংঘটিত আন এক ঘটনাই এতিয়া যোগী প্ৰশাসনৰ ওপৰতে প্ৰশ্নৰ অৱতাৰণা কৰিছে।

বালিয়াৰ দুৰ্জনপুৰ গাঁৱত সুলভ মূল্যৰ গেলামাল দোকান আৱণ্টক লৈ অনুষ্ঠিত হোৱা বৈঠকৰ মাজতে হোৱা গুলিচালনাত নিহত হয় এজন ব্যক্তি। এই গুলীচালনা কৰা অভিযুক্তজন বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে। দৰাচলতে সুলভ মূল্যৰ গেলামাল দোকান আৱণ্টনৰ বাবে আয়োজিত বৈঠকত উপস্থিত হৈছিল দুটা স্বেচ্ছাসেৱী সংগঠনৰ সদস্য। ইয়াৰে এটা স্বেচ্ছাসেৱী সংগঠনৰ নেতৃত্ব বহন কৰিছিল ধীৰেন্দ্ৰ সিং কছৰ নামৰ বিধায়ক সুৰেন্দ্ৰ সিঙৰ ঘনিষ্ঠজনে। তাত দোকান আৱন্টন প্ৰক্ৰিয়া চলি থকাৰ মাজতে দুয়োটা সংগঠনৰ মাজত যুক্তি যুদ্ধৰ সূত্ৰপাত হয়। লাহে লাহে এই যুক্তিযুদ্ধ হতাহতিলৈ ৰূপান্তৰ হোৱাত এছডিএমে আৱণ্টন প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ বাধ্য হৈ পৰে। আনহাতে সেই সময়ত ধীৰেন্দ্ৰ সিং কছৰে গুলিচালনা কৰাত জয় প্ৰকাশ নামৰ এজন লোকৰ মৃত্যু ঘটে।