উত্তৰ প্ৰদেশত এইবাৰ নিৰ্বাচন খেলিব আম আদমী পাৰ্টিয়ে…

61

ডিজিটেল ডেস্কঃ কেৱল উন্নয়নৰ ৰাজনীতিৰে দিল্লীত বৃহৎ বিজয় সাব্যস্ত কৰা আম আদমী পাৰ্টি এইবাৰ উত্তৰ প্ৰদেশত শাসকীয় বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত থিয় হবলৈ সাজু হৈছে। এই কথা সদৰী কৰিছে আম আদমী পাৰ্টীৰ অধ্যক্ষ তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। মঙলবাৰে এক সংবাদমেলত তেওঁ কয় যে, আম আদমী পাৰ্টিয়ে ২০২২ বৰ্ষত উত্তৰ প্ৰদেশ অনুষ্ঠিত হ’বলগা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব। আপৰ বাবে এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব কিয়নো প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ দৰে ডাঙৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত অংশ ল’ব দলটোৱে।

কেজৰিৱালে কয় যে বিগত আঠ বছৰত আপে দিল্লীত তিনিবাৰৰ বাবে চৰকাৰ গঠন কৰে। পঞ্জাৱত দলটোৱে মুখ্য বিপক্ষ দলৰ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰি কেজৰিৱালে দলটোৱে ২০২২ বৰ্ষত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত খেলিব বুলি ঘোষণা কৰিছে।

কেজৰিৱালে কয় যে, দিল্লীত উত্তৰ প্ৰদেশৰ বহুত সম্পৰ্কীয়ই বসবাস কৰে।দিল্লীত আপৰ চৰকাৰ গঠন হোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ বহুলোক সংগঠনটোৰ আৰু কাষ চাপি আহিল। তেওঁৰ মন্তব্য কৰে যে, উত্তৰ প্ৰদেশত দলটোৱে নিৰ্বাচন খেলা উচিত।