উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰূপে নিযুক্তি সব্যসাচী দে’ক

94

উত্তৰ-পূব সীমান্ত ৰে’লৱে চমুকৈ এন.এফ.আৰ.(NFR)ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰূপে দায়িত্ব গ্ৰহণ কৰিলে সব্যসাচী দে’য়ে। এক প্ৰেছ বিজ্ঞপ্তিযোগে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা জনোৱা অনুসৰি ২০১৩ বেটছৰ ভাৰতীয় ৰেল সেৱাৰ বিষয়াগৰাকীয়ে আজি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে।

উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰীধাৰী সব্যসাচী দে’য়ে ২০১৪ চনত ভাৰতীয় ৰে’ল বিভাগত যোগদান কৰিছিল আৰু কেইবাটাও ক্ষেত্ৰ গোটৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়তো কাম কৰিছিল। শেহতীয়াকৈ তেওঁ ডিব্ৰুগড়ৰ কোচিং ডিপো বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল।

ইফালে সদ্যপ্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গুনীত কৌৰক উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উপ মুখ্য বাণিজ্যিক প্ৰৱন্ধক হিচাপে নিযুক্তি দিয়া বুলি এন.এফ.আৰৰ প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।