উত্তৰ-পূৱৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ওপৰত পুনৰ এবাৰ অবৈধ অধিকাৰ সাব্যস্ত কৰাৰ চেষ্টা ৰঙা চীনৰ। অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ বাবে চীনা আখৰ, তিব্বতীয় আৰু ৰোমান বৰ্ণমালাৰ ‘মানক’ নাম ঘোষণা কৰিছে চীনে। শত্ৰু ৰাষ্ট্ৰখনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলি দাবী কৰি আহিছে।
চীন চৰকাৰৰ মুখপত্ৰ গ্লোবেল টাইমছৰ মতে, চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে অৰুণাচলৰ ১৫ টা স্থানৰ নামৰ বাবে চীনা পত্ৰ, তিব্বতীয় আৰু ৰোমান বৰ্ণমালাৰ নামত অনুমোদন জনাইছে। চীনে অৰুণাচল প্ৰদেশক চীনা ভাষাত ঝংনান নাম দিছে। মুখপত্ৰখনত উল্লেখ কৰা মতে, অৰুণাচল প্ৰদেশৰ ভৌগোলিক পৰিবেশৰ ওপৰত ভিত্তি কৰি চীনা কেবিনেটে জাৰী কৰা নিয়ম অনুসৰি এই নাম ৰখা হৈছে।
উল্লেখ্য যে, ৰঙা চীনে তিব্বতীয়, চীনা আৰু ৰোমান বৰ্ণমালাৰে নাম ঘোষণা কৰা অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ ভিতৰত আছে ৮টা আৱাসিক স্থান, ৪ খন পৰ্বত, দুখন নদী আৰু এটা পাহাৰীয়া পাছ। প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বেও ২০১৭ চনত চীনে উত্তৰ-পূবৰ ৰাজ্যখনৰ ৬টা স্থানৰ নাম ঘোষণা কৰিছিল।
চীনে সদায় অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলি দাবী কৰি আহিছে। অৱশ্যে, ভাৰত চৰকাৰে চীনৰ দাবী বাৰম্বাৰ নাকচ কৰে। ভাৰতে সদায় অৰুণাচলক এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰি আহিছে। ইয়াৰ বিপৰীতে চীনে সদায় ভাৰতীয় ৰাজনীতিবিদ আৰু বিষয়াসকলৰ অৰুণাচল ভ্ৰমণৰ বিৰোধিতা কৰি আহিছে।
গ্লোবেল টাইমছৰ মতে, চীনে যি ৮ টা আৱাসিক স্থানৰ নাম ঘোষণা কৰিছে, তাৰ ভিতৰত আছে শ্যানন অঞ্চলৰ কোনা কাউণ্টিৰ চেংকেজং আৰু ডাগলুংজং, নিংচিৰ মেডগ কাউণ্ডিৰ মণিগাং, ডুডিং আৰু মিগপেন, জুকাউণ্টিৰ গোলিং, নিংচি, ডাংগা আৰু শ্যানন অঞ্চলৰ লুঞ্জ কাউণ্টিৰ মেজাগ।
ইয়াৰ উপৰিও, ৪ খন পাহাৰীয়া অঞ্চলৰ ভিতৰত আছে ৱামৰি, দেউ ৰি, লুংগুব ৰি আৰু কুনমিংশিংজে ফেং।
চীনে নিজৰ বুলি দাবী কৰি নাম ঘোষণা কৰা নদী দুখন হৈছে শেনযোগো আৰু দুলান। আনহাতে পাহাৰীয়া পাছ হৈছে কোনা কাউণ্টিৰ হিল পাছ।
চীনা চৰকাৰৰ মুখপত্ৰত প্ৰকাশিত প্ৰতিবেদনখনত বেইজিংৰ চীন তিব্বত বিজ্ঞান গৱেষণা কেন্দ্ৰৰ বিশেষজ্ঞ ইয়ান শ্বিংমিলৰ উদ্ধৃতি দি কোৱা হৈছে যে এই ঘোষণাবোৰ শ শ বছৰ ধৰি অস্তিত্বত থকা অৱস্থান নামৰ এক ৰাষ্ট্ৰীয় জৰীপৰ অংশ। তেওঁ এয়াও দাবী কৰে যে এইটো এটা বৈধ পদক্ষেপ আৰু তেওঁলোকৰ নিজৰ ইচ্ছা অনুসৰি অঞ্চলসমূহৰ নাম দিয়াটো চীনৰ সাৰ্বভৌমত্ব। অদূৰ ভৱিষ্যতে অধিক ঠাইৰ নাম দিয়া হ’ব বুলিও চীনে উল্লেখ কৰে প্ৰতিবেদনখনত।
