উত্তৰ অভয়াপুৰী সমষ্টিত মহাজোঁটত মহাজঁট

82

উত্তৰ অভয়াপুৰী সমষ্টিত মহাজোঁটত লাগিছে মহাজঁট৷ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যাশীৰ নিৰ্দলীয় প্ৰাৰ্থীৰ বৃহৎ সমদল। কংগ্ৰেছ AIUDFৰ সমৰ্থনত মনোনয়ন দাখিলৰ বাবে যাত্ৰা নুৰুল ইছলামৰ। বঙাইগাঁও জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত উল্লেখযোগ্য সমষ্টি হ’ল উত্তৰ অভয়াপুৰী সমষ্টি। আজি সমষ্টিটোৰ মনোনয়ন পত্ৰ দাখিলৰ শেষৰ দিন।

কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী আব্দুল বাতেন খন্দকাৰক প্ৰত্যাহ্বান জনাই একাংশ কংগ্ৰেছী নেতা আৰু AIUDFৰ জিলা কমিটীৰ লগতে সমষ্টি কমিটীৰ পূৰ্ণ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নুৰুল ইছলামে। হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে বৃহৎ ৰেলীৰে ৰঙাপানীৰ পৰা মহকুমাধিপতিৰ কাৰ্যালয়লৈ আগবাঢ়িছে নুৰুল ইছলামে।

সমষ্টিটোৰ পৰা মহাজোঁটৰ প্ৰাৰ্থীক বিদায় দি বিপুল ভোটত জয়লাভ কৰিব বুলি সমৰ্থক সকলে মত প্ৰকাশ কৰিছে। কংগ্ৰেছৰ হাই কমাণ্ডৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে একাংশই। আজিৰ নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল হোৱাৰ পিছত সমষ্টিৰ নিৰ্বাচনী যুঁজ যথেষ্ট আকৰ্ষণীয় হৈ উঠিব।