উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন পৰ্বতাৰোহী দলৰ সদস্য গুৱাহাটীৰ দীপশিখা হাজৰিকা…

351

অসমৰ গুৱাহাটীৰ দীপশিখা হাজৰিকাও উত্তৰাখণ্ডত হিমস্খলনৰ ফলত তেওঁ অংশ হৈ থকা পৰ্বতাৰোহী দলটোৰ খুন্দাত সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।

অসমৰ গুৱাহাটীৰ ৰাজগড়ৰ বাসিন্দা দীপশিখা হাজৰিকা।

মঙলবাৰে দ্বিতীয় দ্ৰৌপদী কা দণ্ডা পৰ্বতত হিমস্খলনত আৱদ্ধ হৈ পৰা নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেৰিঙৰ ৪১ জন পৰ্বতাৰোহীৰ ভিতৰত ১৪ জনক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে।

নিৰুদ্দেশ হোৱা সকলৰ ভিতৰত এগৰাকী হৈছে গুৱাহাটীৰ গোলাপ হাজৰিকাৰ কন্যা দীপশিখা হাজৰিকা।

৪১ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী দলটোৱে শিখৰটো বগাই নিজৰ প্ৰশিক্ষকৰ সৈতে উভতি অহাৰ সময়ত হিমস্খলনত আঘাত হানে।

মঙলবাৰে পুৱা ৮.৪৫ বজাত সংঘটিত হয় এই হিমস্খলন।

এভালেন্স হিট হোৱাৰ পিছত এন আই এম-এ এটা বিবৃতি প্ৰকাশ কৰি কয়, “২৫ ছেপ্টেম্বৰত বেচ কেম্পত পাঠ্যক্ৰমটো উপস্থিত হয়।৪ অক্টোবৰত প্ৰশিক্ষণৰ সময়সূচী অনুসৰি পাঠ্যক্ৰমটো High Altitude Navigation আৰু উচ্চতা বৃদ্ধিৰ বাবে মাউণ্ট দ্ৰৌপদী কা ডাণ্ডা-II (৫৬৭০ মিটাৰ)লৈ স্থানান্তৰিত হয় ) পুৱা ৪.০০ বজাত পাহাৰৰ শৃংগৰ পৰা উভতি অহাৰ সময়ত এডভান্স মাউণ্টেইনিং কোৰ্চত শিবিৰ-১ৰ ওপৰত হিমস্খলন ঘটিছিল য’ত ৩৪ জন প্ৰশিক্ষাৰ্থী আৰু ৭ জন মাউণ্টেইনিং প্ৰশিক্ষক ০৮:৪৫ বজাত হিমস্খলনৰ তলত ধৰা পৰিছিল।”

ইয়াত লগতে কোৱা হৈছে, “উদ্ধাৰকৰণৰ কাম চলি আছে এতিয়ালৈকে চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু ভাৰতীয় বায়ুসেনাই উদ্ধাৰ কৰাত সহায় কৰিছে।”