দীপাৱলীৰ পুৱা উত্তৰাখণ্ডৰ উত্তৰকাশীত খহি পৰা সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। এনে পৰিস্থিতিত আজি পুনৰ আৰম্ভ হ’ব উদ্ধাৰ অভিযান। যোৱা ৭ দিনত ৪ টা ড্ৰিলিং মেচিন বিকল হৈছে। এনে পৰিস্থিতিত এতিয়া উদ্ধাৰ অভিযানৰ লগত জড়িত সংস্থা এনডিআৰএফ, এছডিআৰএফ, পিডব্লিউডি আৰু আইটিবিপিয়ে একেলগে পাঁচফালৰ পৰা ড্ৰিলিং কৰিব।
ড্ৰিলিঙৰ বাবে গছ কাটি ৰাস্তা বনোৱাৰ কাম মেচিনেৰে ৰাতিটোৰ ভিতৰতে কৰা হৈছিল। হলেণ্ডৰ পৰা অনুভূমিক ড্ৰিলিঙৰ বাবে অনা মেচিনেৰে পুনৰ আৰম্ভ হ’ব উদ্ধাৰ অভিযান। উল্লেেখ্য যে, শুকুৰবাৰে বিয়লিৰ পিছত এতিয়ালৈকে ড্ৰিলিঙৰ সময়ত শিলত ফাট মেলাৰ বাবে কোনো কাম কৰা হোৱা নাই।
আজি প্ৰথম পৰ্যায়ত ইন্দোৰৰ পৰা অনা মেচিনটোৱে সুৰংগটোৰ মূল গেটৰ পৰা ড্ৰিলিং কৰিব। ইয়াৰ দায়িত্ব ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ ওপৰত। ইয়াৰ পৰা ৩৫ মিটাৰ খনন কৰিব লাগিব, কিন্তু বাটত ডাঙৰ শিল আছে। তাৰ পিছতে দ্বিতীয় পৰ্যায়ত অ’এনজিচিয়ে দণ্ডলগাঁও ফালৰ পৰা সুৰংগটোৰ আনটো মূৰ খনন কৰিব। ইয়াৰ পৰাই ৪৪১ মিটাৰ খনন কৰিব লাগিব। তৃতীয় পৰ্যায়ত বি আৰ অ’ই সুৰংগটোৰ বাওঁফালে মেচিনটো কঢ়িয়াই নিব পৰাকৈ এটা পথ নিৰ্মাণ কৰি আছে। ইয়াত ১৭২ মিটাৰ অনুভূমিক ড্ৰিলিং হ’ব। চতুৰ্থ পৰ্যায়ত যমুনোত্ৰীলৈ যোৱা পুৰণি পথত সোঁফালে ৩২০-৩৫০ মিটাৰ অনুভূমিক ড্ৰিলিং কৰা হ’ব। আৰু পঞ্চম পৰ্যায়ত ছিল্ক্যৰাতকৈ ৩৫০ মিটাৰ আগুৱাই সাতলুজ জল বিদ্যুৎ নিগমে ৯২ মিটাৰকৈ দুটাকৈ ড্ৰিলিং কৰিব। প্ৰথম ড্ৰিলিঙৰ জৰিয়তে শ্ৰমিকসকলক খাদ্য প্ৰদান কৰা হ’ব। এই কামত ২ দিন লাগিব পাৰে। দ্বিতীয়টো ড্ৰিলিং ১ মিটাৰতকৈ অধিক বহল হ’ব যাৰ মাজেৰে আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰা হ’ব।
ইফালে সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকল স্বাস্থ্য সম্পৰ্কীয় সমস্যাত ভুগিছে। কোষ্ঠকাঠিন্য, মূৰৰ বিষ, ক্লাষ্ট্ৰ’ফ’বিয়া আৰু উদ্বিগ্নতা বৃদ্ধিৰ বাবে শ্ৰমিকসকল গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। আনহাতে, বিষয়াসকলে দাবী কৰিছে যে তেওঁলোকে খাদ্য, পানী আৰু অক্সিজেনৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী সুৰংগটোলৈ প্ৰেৰণ কৰিছে। চিকিৎসা বিশেষজ্ঞৰ মতে, শুকান ফল, পপকৰ্ণ আদি বস্তু শ্ৰমিকৰ ওচৰলৈ পঠিয়াই দিয়াটো এজন সুস্থ ব্যক্তিৰ বাবে বিশেষ উপযোগী নহয়।
তথ্য মতে, বিষয়াসকলে ৱাকি টকীত শ্ৰমিকসকলৰ সৈতে কথা পাতি থকাৰ সময়তে এজন শ্ৰমিক টিংকু কুমাৰে জোৰেৰে চিঞৰি কয় যে আমাৰ আৱদ্ধ ভাইসকলক ঔষধ হজম কৰিবলৈ পেটত খাদ্যৰ প্ৰয়োজন। বিষয়াসকলে বুজিব লাগে যে তেওঁলোকে এতিয়ালৈকে উপযুক্ত খাদ্য লাভ কৰা নাই। পপকৰ্ণ আৰু শুকান ফলৰ দ্বাৰা কোনো সহায় নহ’ব।