উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিকৰ মাজত আছে অসমৰ সঞ্জয় আৰু ৰামপ্ৰসাদো… পৰিয়ালত হাহাকাৰ

1024

উত্তৰাখণ্ডৰ ছিলকাৰা সুৰংগত আবদ্ধ হৈ থকা ৪০ জন শ্ৰমিকৰ ভিতৰত আছে ২ জন কোকৰাঝাৰ জিলাৰ ৰামফলবিল গাঁৱৰ শ্ৰমিকো। তেওঁলোকৰ নাম হৈছে সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰী।

সুৰংগটো খহি পৰাৰ খবৰ লাভ কৰাৰ পিছতে সঞ্জয় আৰু ৰামপ্ৰসাদৰ বাবে উদ্বিগ্ন হৈ পৰিছে দুয়োৰে পৰিয়ালৰ লোক।

সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰী দুয়োজনেই নিৰ্মাণাধীন সুৰংগটোৰ লগতে আন ৪০ জন শ্ৰমিকৰ সৈতে কাম কৰি থকা অৱস্থাত সুৰংগটো খহি পৰে। পৰিয়ালৰ লোকে যদিও সঞ্জয়ৰ জ্যেষ্ঠ ভাতৃ ৰকেট বসুমতাৰীৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয় যিজনেও ঘটনাস্থলীত শ্ৰমিক হিচাপে কাম কৰি আছিল।

“মোৰ ল’ৰাৰ নাম ৰামপ্ৰসাদ নাৰ্জাৰী। ৰামফলবিল গাঁৱৰ দুজন ল’ৰা তাত কাম কৰিবলৈ গৈছিল। আৱদ্ধ হৈ থকা সকলো শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰিবলৈ দুয়োখন ৰাজ্য চৰকাৰক অনুৰোধ জনাইছো।” ৰামপ্ৰসাদ নাৰ্জাৰীৰ মাতৃয়ে এইদৰে কাতৰ আহ্বান জনায়।

দুয়োজন শ্ৰমিকৰ পৰিয়ালৰ লোকে যুৱককেইজনক উদ্ধাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।