উত্তৰাখণ্ডৰ আলমোৰা অঞ্চলত আজি পুৱা সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। যাত্ৰাৰত অৱস্থাতে এখন যাত্ৰীবাহী বাছ পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ১৫ জন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে বহুকেইগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে।দুৰ্ঘটনাই জোকাৰি গৈছে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড।দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে জিলা প্ৰশাসনৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলী উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।সূত্ৰ অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত এই বাছখনত ৩৫ জনতকৈ অধিক লোকে যাত্ৰা কৰিছিল। এই দুৰ্ঘটনাত বাছখন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে সেই স্থানেৰে গৈ থকা এগৰাকী পথচাৰীয়ে আৰক্ষীক খবৰ দিয়ে। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে SDRF আৰু NDRFৰ দলক সেই স্থানলৈ মাতি অনা হয়।উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হোৱা ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত আহত আন তিনিজন লোকক বিমানযোগে ঋষিকেশ এইমছলৈ লৈ যোৱা হৈছে। এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে নিহত লোকৰ পৰিয়াললৈ ৪ লাখ আৰু আহতসকলক ১ লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।