উত্তৰপ্ৰদেশত ১৩খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ ঘোষণা যোগী আদিত্যনাথৰ

42

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিৰ্মাণ কৰিব ১৩ খন চিকিৎসা মহাবিদ্যালয়৷ তেওঁ উত্তৰ প্ৰদেশৰ ১৩ খন জিলাত ১৫ ডিচেম্বৰৰ ভিতৰত এই নিৰ্মাণ কাৰ্যৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে৷ মুখ্যমন্ত্ৰী আদিত্যনাথে শুকুৰবাৰে তেওঁৰ চৰকাৰী আৱাস গৃহৰ পৰা নিৰ্মীয়মান অৱস্থাত থকা ৰাজ্যৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়, ৰাজ্য আয়ুস বিশ্ববিদ্যালয়, গোৰষপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় নিৰ্মাণত হোৱা খৰচৰ পৰিমানৰো বুজ লয়৷

উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰে চন্দলী, বুলন্দচহৰ, পীলীভীত, ঔৰেয়া, বিজনৌৰ, কানপুৰ, দৈহাত, কুশীনগৰ, কৌশাম্বী, সৌনভদ্ৰা, ললিতপুৰ, লক্ষীমপুৰ আৰু গৌণ্ডাত চৰকাৰী চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দিহা কৰিছে৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী আদিত্যনাথে জনাই যে চিকিৎসা মহাবিদ্যালয় নিৰ্মানৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ হোৱাটোও খুবেই প্ৰয়োজনীয়৷ গৌৰসপুৰৰ ৰাজ্য আয়ুস বিশ্ববিদ্যালয়ৰ কাম ২০২১ চনৰ ২৫ জানুৱাৰীৰ ভিতৰত সমাপ্ত হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷