উজনিৰ ক’লৈ আৰু কিয় একেলগে আহিল ১০খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু কূটনৈতিক বিষয়া?

108

উজনিৰ ক’লৈ আৰু কিয় একেলগে আহিল ১০খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু কূটনৈতিক বিষয়া?
এছিয়া ,আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্গত দহখন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু কুটনৈতিক বিষয়াৰ এটা উচ্চস্তৰীয় দলে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে ।
এছিয়া ,আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্গত দহখন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু কুটনৈতিক বিষয়াৰ এটা উচ্চস্তৰীয় দলে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে । এই দলটোত আছিল কংগো,নাইজেৰীয়া, মংগোলীয়া, ভূটান, ফিজি , ত্ৰিনিদাদ এণ্ড টবেগ, ইণ্ডোনেচিয়া , মেছিডনিয়া , ঘানা আৰু ভিয়েটনামৰ উচ্ছপদস্থ বিষয়াসকল ।
এই দলটোৱে শুকুৰবাৰে বিয়লি অসম কৃষি বিশ্ববিদ্যালয়ত উপস্থিত হৈ চাহ প্ৰযুক্তিবিদ্যা বিভাগ , প্লেণ্ট পেথলজি , নীতিহাব আৰু উত্তৰ পূৱ বিজ্ঞান আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগ পৰিদৰ্শন কৰে। ইয়াৰ পিছত বিদেশী প্ৰতিনিধিসকলে বিশ্ববিদ্যালয়ৰ উত্তৰ পূৱ বিজ্ঞান আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ সভাকক্ষত এখন উচ্চস্তৰীয় সভাত অংশগ্ৰহণ কৰে। এই সভাত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে. ‘অসম কৃষি বিশ্ববিদ্যালয়ত একেসময়তে দহখনকৈ বিদেশী ৰাষ্ট্ৰৰ উচ্ছস্তৰীয় প্ৰতিনিধি উপস্থিত হোৱাটো এটা ঐতিহাসিক ক্ষণ।’
উপাচাৰ্য গৰাকীয়ে কৃষি , গৱেষণা আৰু সম্পসাৰণৰ ক্ষেত্ৰত বিদেশী ৰাষ্ট্ৰসমুহৰ সহায় সহযোগিতা কামনা কৰে। বিদেশী ৰাষ্ট্ৰসমূহে বিশেষকৈ শিক্ষাৰ্থীৰ আৰু গৱেষকৰ আদান প্ৰদান আৰু দ্বিপাক্ষিক সহযোগিতাৰ জৰিয়তে এই দিশত উভয় ৰাষ্ট্ৰ উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে। প্ৰয়োজন সাপেক্ষে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই দিশত সহায়ক হোৱাকৈ বুজাবুজি চুক্তিৰ জৰিয়তে আগবাঢ়ি যাব বুলি মত ব্যক্ত কৰে।