উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনাঃ মহাবিদ্যালয়ে নামভৰ্তিৰ বাবদ ল’ব নোৱাৰিব মাচুল

120

গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে এতিয়া উচ্চ শিক্ষাৰ বাবে সাজু হৈছে শিক্ষাৰ্থীসকল। এনে সময়ত একাংশ মহাবিদ্যালয়ে অনলাইন নামভৰ্তিৰ বাবে মাচুল নিৰ্ধাৰণ কৰা প্ৰত্যক্ষ হোৱাৰ পিছতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে।

উচ্চ শিক্ষা সঞ্চালক ডি কে মিলিয়ে এক নিৰ্দেশনা জাৰি কৰি অনলাইন নামভৰ্তিৰ বাবে কোনো মাচুল নিৰ্ধাৰণ নকৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত কলেজ, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, চৰকাৰী মডেল মহাবিদ্যালয়ৰ অধ্যক্ষক। এই নিৰ্দেশনা জৰুৰী ৰূপে অভিহিত কৰি ছাত্ৰ-ছাত্ৰীৰ পৰা অনলাইন নামভৰ্তিৰ বাবদ কোনো মাচুল গ্ৰহণ নকৰিবলৈ সকিয়নী দিছে।