উচ্চ ন্যায়ালয়ে ব্যৱসায়ৰ বাবে ‘খাদী’ ব্ৰেণ্ডৰ অবৈধ ব্যৱহাৰ নিষিদ্ধ কৰিছে

85

খাদী এণ্ড ভিলেজ ইণ্ডাস্ট্ৰিস কমিছন (কেভিআইচি) ৰ ব্ৰেণ্ড নাম “খাদী” অবৈধভাৱে ব্যৱহাৰ কৰি সৌন্দৰ্য প্ৰতিযোগিতা আৰু অন্যান্য ব্যৱসায়িক কাৰ্যকলাপ আয়োজনকৰাত জড়িত ব্যক্তিগত প্ৰতিষ্ঠানসমূহক দিল্লী উচ্চ ন্যায়ালয়ে খাদীৰ নামত যিকোনো “বিভ্ৰান্তিকৰ” কাৰ্যকলাপ কৰাৰ পৰা বিৰত ৰাখিছে। নয়ডাস্থিত ‘খাদী ডিজাইন কাউন্সিল অৱ ইণ্ডিয়া’ (কেডিচিআই) আৰু ‘মিছ ইণ্ডিয়া খাদী ফাউণ্ডেচন’ (এমআইকেএফ)ৰ বিৰুদ্ধে কেভিআইচিয়ে প্ৰৱঞ্চনাৰে ব্ৰেণ্ডনামটো ব্যৱহাৰ কৰা আৰু লোকসকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

উচ্চ ন্যায়ালয়ে কৈছিল যে দুয়োটা সংস্থাৰ নাম কেভিআইচিৰ ট্ৰেডমাৰ্ক ‘খাদী’ৰ সৈতে “প্ৰতাৰণামূলকভাৱে একে” আছিল আৰু সেয়েহে, ট্ৰেডমাৰ্কৰ উলংঘনৰ সমান। উচ্চ ন্যায়ালয়ে বিৰোধীসকলক – ‘খাদী ডিজাইন কাউন্সিল অফ ইণ্ডিয়া’, ‘মিছ ইণ্ডিয়া খাদী ফাউণ্ডেচন’ আৰু ইয়াৰ স্বঘোষিত মুখ্য কাৰ্যবাহী বিষয়া অংকুশ অনামীক ‘খাদী ডিজাইন কাউন্সিল অফ ইণ্ডিয়া’ আৰু ‘মিছ ইণ্ডিয়া খাদী’ নামৰ ট্ৰেডনামেৰে ইনষ্টাগ্ৰাম, ইউটিউব আৰু ফেচবুকত তেওঁলোকৰ সকলো ছ’চিয়েল মিডিয়া একাউণ্ট নমাই ল’বলৈনিৰ্দেশ দিয়ে।