ষ্টাফৰিপোৰ্টাৰ, ১৮ এপ্ৰিলঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি অব্যাহত কৰ’নাযুদ্ধলৈ সাধাৰণ জনতা আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে মুক্তহস্তে বৰঙণি আগবঢ়াইছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। শিক্ষা সংসদৰ বিষয়া-কৰ্মচাৰীসকলে ইতিমধ্যে এমাহৰ দৰমহা ২ লাখ টকা অসম আৰোগ্য নিধিলৈ বৰঙণি দিছে। ইয়াৰ উপৰিও শিক্ষা সংসদে কৰ’না বিৰোধী ৰণৰ বাবে অতিৰিক্ত বৰঙণি সংগ্ৰহৰ উদ্যোগ লৈছে। ইয়াৰ বাবে শিক্ষা সংসদৰ দ্বাৰা অনুমোদিত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পৰা বৰঙণি বিচাৰি আহ্বান জনোৱা হৈছে। ২৭ এপ্ৰিলৰ ভিতৰত অসম কো-অপাৰেটিভ এপেক্স বেংকৰ শিলপুখূৰী শাখাত আগ্ৰহী শিক্ষানুস্থানসমূহে ধন জমা দিব পাৰিব। একাউণ্ট নং ১০১০৪২০১০০০৩০৮৪, আই এফ এছ চি কোড HDFCOCACABL। সংগৃহিত ধনৰাশি শিক্ষা সংসদৰ তৰফৰ পৰা চৰকাৰৰ হাতত তুলি দিয়া হ’ব।