নিউজ ডেস্কঃ আজি ঘোষণা কৰা হ’ল বহু প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৩.৪৮ শতাংশ। সেইদৰে বাণিজ্য শাখাত ৮৭.২৬ শতাংশ আৰু বিজ্ঞান শাখাত ৯২.১৯ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে এইবাৰ।
২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত শীৰ্ষ স্থান অধিকাৰ কৰিছে দুগৰাকী শিক্ষাৰ্থীয়ে। তেওঁলোক হৈছে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ (গ্ৰাম্য)ৰ সাধনা দেৱী আৰু মহিলা মহাবিদ্যালয়, তিনিচুকীয়াৰ চেৰী গোহাঁই। দুয়োগৰাকী শিক্ষাৰ্থীয়ে মুঠ ৪৮৭ নম্বৰকৈ লাভ কৰিছে।
ইফালে কলা শাখাত দ্বিতীয় স্থান লাভ কৰিছে নলবাৰীৰ শংকৰদেৱ একাডেমীৰ ছাত্ৰী বিদিশা মিশ্ৰই (৪৮৬)। হোজাইৰ শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল সুদীপ্ত দেৱনাথ আৰু ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁৱৰ নিলয় কুৰ্মীয়ে লাভ কৰিছে তৃতীয় স্থান। দুয়োগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে মুঠ ৪৮৩ নম্বৰকৈ।
সেইদৰে বাণিজ্য শাখাত এইবাৰ শীৰ্ষ স্থান লাভ কৰিছে কাছাৰৰ বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সাগৰ আগৰৱালে। শিক্ষাৰ্থী গৰাকীয়ে লাভ কৰিছে মুঠ ৪৮২ নম্বৰ।
দ্বিতীয় স্থান অধিকাৰ কৰিছে যোৰহাটৰ ক্ৰিচেণ্ট একাডেমীৰ মানস জ্যোতি বৰঠাকুৰে (৪৭৬) তৃতীয় স্থান অধিকাৰ কৰিছে আৰ ডি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, তিনিচুকীয়াৰ নিখিল গুপ্তাই(৪৪৭)।
লক্ষণীয়ভাৱে এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ হৈছে বিজ্ঞান শাখাত। বিজ্ঞান শাখাৰ শীৰ্ষস্থান লাভ কৰিছে দৰঙৰ দেওমৰনৈ হায়াৰ ছেকণ্ডাৰী স্কুলৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা। ধৃতিৰাজে লাভ কৰিছে মুঠ ৪৯১ নম্বৰ।
আনহাতে দ্বিতীয় স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ অলংকৃতা গৌতম বৰুৱাই (৪৮৮)। তৃতীয় স্থান লাভ কৰিছে নগাঁৱৰ কনচেপ্ট ছিনিয়ৰ ছেকণ্ডেৰী স্কুলৰ সুৰজিৎ সূত্ৰধৰে (৪৮৬)।