উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটী প্ৰদান

82

ডিজিটেল ডেস্ক: ২০২০-২১ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটী প্ৰদান অনুষ্ঠানৰ দেওবাৰে শুভাৰম্ভণি ঘটায় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বান্দন সোনোৱাল আৰু শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আমিনগাঁৱৰ নুমলী জালাহ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভণিৰ জৰিয়তে প্ৰজ্ঞান ভাৰতীৰ অধীনত ‘ডঃ বাণীকান্ত কাকতি আঁচনি’ৰ জৰিয়তে ৰাজ্যৰ ২২ হাজাৰ ২৪৫ গৰাকী ছাত্ৰীক স্কুটী প্ৰদান কৰা হব।

দেওবাৰে অনুষ্ঠানত ৰাজ্যৰ ৫ গৰাকী কৃতি ছাত্ৰীক স্কুটী প্ৰদান কৰাৰ বিপৰীতে বাকীসকলক ডিলাৰৰ জৰিয়তে প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ডঃ শৰ্মাই। আনহাতে দেওবাৰে প্ৰথম পৰ্যায়ত কামৰূপ মেট্ৰ’ আৰু কামৰূপ গ্ৰাম্যৰ ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয়। অন্যান্য জিলাসমূহত ২ আৰু ৩ জানুৱাৰীত প্ৰদান কৰা হ’ব স্কুটী।

উল্লেখ্য যে, কৃতি ছাত্ৰীক উৎসাহিত কৰিবলৈ প্ৰদান কৰা এই বঁটাৰ বাবে ৰাজ্য চৰকাৰে ১৪৪ কোটি টকা ধাৰ্য কৰিছে। ইফালে ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ বঞ্চিত মুঠ ১৫ হাজাৰ ছাত্ৰীক জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত এই বঁটা প্ৰদান কৰা হব বুলি ঘোষণা কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই।