সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবেই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে দৰং জিলাৰ দলগাঁৱৰ এজন ছাত্ৰই।
এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।
জানিব পৰা মতে, এখন চুইচাইড নোট লিখি আত্মহত্যা কৰে ছাত্ৰজনে।
চুইচাইড নোটত তেওঁ লিখিছিল- “পাপা এই পথটো লোৱাৰ বাবে ক্ষমা কৰিবা। মোৰ পৰীক্ষাটো ভাল আছিল যদিও মই কিয় ফেইল কৰিলোঁ নাজানো।”
উল্লেখযোগ্য যে ছাত্ৰজনে ইংৰাজীত ৩০, অসমীয়াত ৩৩, একাউণ্টেন্সিত ৪১, বিজনেছ ষ্টাডিজত ১৬, অৰ্থনীতিত ৩১, অৰ্থনীতি তত্ত্বত ১৯ আৰু ব্যৱহাৰিক পৰীক্ষাত ১৮ লাভ কৰে।
