উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ ক’ত, কিমান উত্তীৰ্ণৰ হাৰ

129

গুৱাহাটীঃ আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ কলা, বানিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল। কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত মূল্যাংকণ পদ্ধতিৰে ঘোষণা কৰা হয় পৰীক্ষাৰ ফলাফল।

উল্লেখ্য যে, এইবাৰ কলা শাখাত ১,৯১,৮৫৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত ৩৮,৪৩০ গৰাকী আৰু বানিজ্য শাখাত ১৮,৪৪৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইফালে কলা শাখাত ৫৮,২৪৪ গৰাকী প্রথম বিভাগত, ৮৯,৫২০ গৰাকী দ্বিতীয় বিভাগত আৰু ৪২,০২৯ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩%।

সেইদৰে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৬%। বিজ্ঞান শাখাত ৩২,৯১৭ জন প্রথম বিভাগত, ৪,৬০৯ জন দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ৫৪২ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। বানিজ্য শাখাত ১১,১৮৯ জনে প্রথম বিভাগ লাভ কৰাৰ লগতে ৫,৪৯৭ জন দ্বিতীয় বিভাগ আৰু ১,৬৭৮ জন পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বানিজ্য শাখাৰ উত্তীৰ্ণ হাৰ ৯৯.৫৭%।