উগাণ্ডাৰ ভিক্টোৰিয়া হ্ৰদৰ পানীত অতিমাত্ৰা বোজাই কৰা এখন নাও ডুব যোৱাৰ ফলত প্ৰায় ২০ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি আল জাজিৰাৰ তথ্যত প্ৰকাশ পাইছে। ইয়াৰ উপৰিও এতিয়াও সন্ধানহীন হৈ আছে পাঁচজন লোক।
আৰক্ষীৰ তথ্য অনুসৰি বুধবাৰে পুৱা ৫ বজাত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ সময়ত জাহাজখনত কয়লা, সতেজ খাদ্য আৰু মাছ আছিল।
অৱশ্যে দুৰ্ঘটনাৰ কাৰণ অভাৰলোডিং আৰু বেয়া বতৰ বুলি জানিব পৰা গৈছে।
আনহাতে, ৯ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে বুলিও আৰক্ষীয়ে কয়।
তদুপৰি আৰক্ষীয়ে জনোৱা মতে, নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধান উলিয়াবলৈ উদ্ধাৰ অভিযান চলি আছে।
আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ হ্ৰদ ভিক্টোৰিয়া হ্ৰদটো উগাণ্ডা, কেনিয়া আৰু তাঞ্জানিয়াই ভাগ কৰিছে আৰু ইয়াৰ পৃষ্ঠভাগ ৭০,০০০ বৰ্গ কিলোমিটাৰ যাৰ ফলত ইয়াৰ আকাৰ প্ৰায় আয়াৰলেণ্ডৰ সমান।
বিগত বছৰবোৰত অণ্ডাকাৰ আকৃতিৰ হ্ৰদটোত একাধিক নাও দুৰ্যোগৰ বাতৰি পোৱা গৈছে আৰু ইয়াৰ বাবে অতিমাত্ৰা ভিৰ আৰু বেয়া বতৰৰ বাবে দোষাৰোপ কৰা হৈছে।
২০১৮ চনত বেয়া বতৰত ভিক্টোৰিয়া হ্ৰদত এখন নাও ডুব যোৱাৰ ফলত প্ৰায় ৩২ জন লোকৰ মৃত্যু হয়। তদুপৰি সেই বছৰৰ ছেপ্টেম্বৰ মাহত ভিক্টোৰিয়া হ্ৰদৰ তাঞ্জানিয়াৰ ফালে এম ভি নেৰেৰে যাত্ৰীবাহী ফেৰীখন ডুব যোৱাৰ পিছত শ শ লোকৰ মৃত্যু হৈছিল।