ঈদৰ আনান্দৰ মাজতেই এক ভয়ংকৰ পথ দুৰ্ঘটনা

161

ঈদৰ আনান্দৰ মাজতেই এক ভয়ংকৰ পথ দুৰ্ঘটনা ধুবুৰী জিলাৰ আলমগঞ্জত।ঈদৰ দিনাই পূৱা ধুবুৰী জিলাৰ আলমগঞ্জত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত দুই বাইক আৰোহী।
আজি ঈদ উল আজহাৰ।এই পবিত্ৰ ঈদৰ দিনা বাইক দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় দুজন যুৱক। আহত যুৱকদুজনক ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয়।
যুৱক দুজন বাইকেৰে গৌৰীপুৰৰ পৰা বগৰিবাৰীলৈ গৈ থকা অৱস্থাত আলমগঞ্জ বজাৰৰ সম্মুখত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰাৱাই সংগঠিত হয় এই দুৰ্ঘটনা ।