ই-আলোচনী ‘অসমীয়া প্ৰিয়দৰ্শিনী’ ৰ প্ৰস্তাবনা সংখ্যা উন্মোচন

174

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ পৰা প্ৰকাশিত ই-আলোচনী ‘অসমীয়া প্ৰিয়দৰ্শিনী’ ৰ প্ৰস্তাবনা সংখ্যা শুকুৰবাৰে অগ্ৰদূত গোষ্ঠীৰ কাৰ্যালয়ত উন্মোচন কৰা হয়। অগ্ৰদূত কাকত খনৰ মুখ্য সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাই আলোচনীখন উন্মোচন কৰি এই আলোচনীখনৰ সৈতে জড়িত লোকসকলক শুভেচ্ছা জনায় লগতে এই আলোচনী খন জীয়াই ৰাখিবলৈ পৰামৰ্শ দিয়ে। এই আলোচনীখন সম্পাদনা কৰি উলিয়াইছে উজ্জল জ্যোতি দাসে। আলোচনী খনৰ প্ৰকাশক বিচিত্ৰ শইকীয়া। উল্লেখ্য আলোচনীখন পঢ়ুৱৈ সকলে www.axomiya priyadarshini.in ত পঢ়িবলৈ পাব বুলি সম্পাদক উজ্জল জ্যোতি দাসে জনাইছে।