ইৰাকত আমেৰিকান সেনাৰ ঘাটিত সন্ত্ৰাসবাদীৰ ড্ৰোন আক্ৰমণ

119

শনিবাৰে নিশা উত্তৰ ইৰাকৰ ইৰবিল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত থকা আমেৰিকান সেনাৰ চাউনিলৈ লক্ষ্য কৰি বিস্ফোৰকভৰ্তি ড্ৰোনেৰে আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে। অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিয়ে আমেৰিকান সেনা বিষয়াই।

ইফালে সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ পিছত তীব্ৰ আতংকই বিৰাজ কৰিছে কুৰ্দিস্তানত। ইয়াৰ পূৰ্বে ৮ জুলাইত ইৰাকৰ ৰাজধানী বাগদাদৰ গ্ৰীণ জোনত থকা আমেৰিকান দূতাবাসতো ৰকেট আক্ৰমণৰ ঘটনা সংঘটিত হৈছল। তাৰ পিছত প্ৰায় দুমাহ ধৰি বাগদাদত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপস্থিতি আৰু ইৰাকৰ সামৰিক ঘাটিসমূহক ড্ৰোন আৰু ৰকেট আক্ৰমণৰ দ্বাৰা লক্ষ্য কৰা হোৱা নাছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে এই আক্ৰমণৰ আঁৰত ইৰাণক দোষাৰোপ কৰিছে। আমেৰিকাই অভিযোগ কৰিছে যে ইৰাণসমৰ্থিত চিয়া মুছলমানসকলৰ বিদ্ৰোহী সংগঠনসমূহে ইৰাকত নিয়োজিত ২,৫০০ আমেৰিকান সৈন্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ বৰ্তমান ইৰাকত ইৰাকী বাহিনীক প্ৰশিক্ষণ দিয়াত নিয়োজিত হৈ আছে।