ষ্টাফ ৰিপোৰ্টাৰ, ২৫ এপ্ৰিল : লেখিকা ৰমিছা বেগমৰ উদ্যোগত ইমদাদিয়া নগৰ নিজা বাসৱভনৰ পৰা ইমদাদিয়া নগৰ, নটবমা , সিজুৱাৰীৰ আশে পাশে থকা ২৭০ টা দুখীয়া পৰিয়ালৰ মাজত শনিবাৰে ৰমজানৰ প্ৰথম ইফতাৰৰ বাবে ৪০০ গ্ৰাম কৈ খেজুৰ, বুট, চিৰাৰ লগতে এটা কৈ মাস্ক বিতৰণ কৰে। এইক্ষেত্ৰত ৰমিছা বেগমক আৰ্থিকভাৱে সহায় কৰে নাজিৰ লস্কৰ, গোপাল জালান, ডঃ মাণিক লাল ভূমিক, জাকিৰ হুছেইনৰ লগতে বেগমৰ গৃহস্থ অক্কাছ আলী আহমেদে। জহুৰা বেগম আৰু নীলিমা বেগমে মিলি ৩০০ মাস্ক চিলাই দিয়ে। বস্তু খিনি পেকেট আৰু বিতৰণ কৰাত সহায় কৰে ইমদাদিয়া নগৰ মছজিদৰ ঈমাম, মুৱাজিন, শুকুৰ আলিৰ লগতে বেগমৰ ল’ৰা-ছোৱালীয়ে।
