ইন্টারন্যাশনাল ক্রিকেট কাউন্সিল ও হিমালয়া মেন-ৰ চুক্তি

75

হিমালয়া ড্ৰাগ কোম্পানীৰ মেনচ কেয়াৰ ৰেঞ্জ, ‘হিমালয়া মেন’ ২০২২ চনলৈ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ পুৰুষৰ গ্ৰুমিং পাৰ্টনাৰ হৈছে। এইখন চুক্তি কাৰ্যকৰী হব আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল ২০২১, আইচিচি পুৰুষ টি-২০ বিশ্বকাপ ২০২১, আৰু আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২২ লকে।

আইচিচিৰ মুখ্য কমাৰ্চিয়াল অফিচাৰ বিষয়া অনুৰাগ দাহিয়াই কৈছিল, ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনালৰ পৰা আৰম্ভ কৰি, ভাৰতত আইচিচি মেনচ টি-২০ বিশ্বকাপ ২০২১ আৰু তাৰ পিছত অষ্ট্ৰেলিয়াত আইচিচি মেনচৰ টি-২০ বিশ্বকাপ ২০২২ ৰ পাৰ্টনাৰ হিচাপে হিমালয় মেনক পাই আমি আনন্দিত।

হিমালয় ঔষধ কোম্পানীৰ ব্যৱসায় সঞ্চালক (উপভোক্তা সামগ্ৰী বিভাগ) ৰাজেশ কৃষ্ণমূৰ্তিয়ে কয় ক্ৰিকেটৰ বিশ্ব পৰিচালনা সমিতি, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সৈতে সম্পৰ্ক হোৱাটো সঁচাকৈয়ে এক উত্তম সুযোগ। হিমালয় মেনৰ দৰে ঘৰুৱা পুৰুষৰ সাজ-সজ্জা ব্ৰেণ্ডক গ্লোবাল মঞ্চলৈ লৈ যোৱাৰ এইটো এটা চমৎকাৰ সুযোগ।