ঋতু পৰ্ণ শৰ্মা, নগাঁওঃ গুৰুজনাৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাৰ দাঁতিকাষৰীয়া ইতিহাসপ্ৰসিদ্ধ শ্ৰী শ্ৰী কোবাইকটা সত্ৰত ৰবিবাৰে ভকত-বৈষ্ণৱৰ মাজত হতাহতি পৰিস্থিতিৰ উদ্ভৱ হয় । আচলতে শ্ৰী শ্ৰী কোবাইকটা সত্ৰ বেদখলমুক্ত আৰু পুনৰ উদ্ধাৰৰ দাবীত বিশ্ব হিন্দু মহাসংঘই ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সৃষ্টি হয় এনে অনাহুত পৰিস্থিতিৰ ।
উল্লেখ্য যে বহুদিনৰ পৰা কোবাইকটা সত্ৰক লৈ দুই ফৈদৰ মাজত বিতৰ্কৰ সূত্ৰপাত হৈ আহিছিল । একাংশৰ মতে, গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই গুৰুভিঠা বৰদোৱা আৱিস্কাৰ কৰিবলৈ আহোঁতে বৰ্তমান কোৱাইকটা (পূৰ্বে কোব কটা) অঞ্চলৰ মাজেৰে অটব্য হাবি-জংঘল কাটি, বাট উলিয়াই গৈ বৰদোৱা আৱিস্কাৰ কৰিছিল আৰু কোব কটা(কৈৱৰ্ত গাঁও) গাঁৱৰ নামঘৰৰ গুৰু আসনত বিগ্ৰহ স্থাপন কৰি সত্র পাতি থৈ যোৱা বুলি বহু বিজ্ঞজনে মত প্ৰকাশ কৰি আহিছে । তেতিয়াৰে পৰাই আজিকোপতি কোৱাইকটা সত্রখনি স্থানীয় কৈৱৰ্ত গাঁওখনৰ ৰাইজে অতি আগ্ৰহেৰে, ভক্তি ভাৱেৰে প্ৰতিপাল কৰি আহিছে ।
ইয়াৰ বিপৰীতে আন একাংশৰ মতে দামোদৰ দেৱৰ জন্মভিঠা এই সত্ৰখন । ইয়াকে লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হয় দুইটা ফৈদ । কিন্তু ৰবিবাৰে বিশ্ব হিন্দু মহাসংঘৰ কাৰ্যসূচীত দামোদৰ দেৱৰ জন্মস্থান বুলি উল্লেখ কৰাত আনটো ফৈদ ক্ষুণ্ণ হৈ পৰে । এই ধৰ্ণা কাৰ্যসূচীত উপস্থিত থকা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগতে দামোদৰ দেৱ পন্থীৰ একাংশ লোকৰ লগত তৰ্ক বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগতে হতাহতি কৰে সতী ৰাধিকা পন্থীৰ একাংশই । অৱশ্যে, পিছত আৰক্ষীয়ে আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকে নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি ।
