ইণ্ডিয়া গেটৰ ট্ৰেক্টৰ জ্বলোৱা কাণ্ডক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া- ‘কৃষকৰ অপমান কৰা হ’ল!’

87

ডিজিটেল ডেস্কঃ এইখন চৰকাৰে কাৰ কথা শুনে? বিৰোধীৰ অস্তিত্বই নসাৎ কৰিব বিচৰা মোডীৰ চৰকাৰে দেশজুৰি চলা প্ৰতিবাদকো আওকান কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আইনলৈ পৰিণত কৰিছিল। এইবাৰ পুনৰ দেশৰ ৰাজপথত সৃষ্টি হোৱা কৃষকৰ বিদ্ৰোহক উপলুঙা কৰি ৩খনকৈ কৃষি বিধেয়ক আইনলৈ ৰূপান্তৰ কৰা হ’ল। প্ৰতিবাদ কেৱল প্ৰতিবাদ হৈয়েই থাকিল, হয়তো এদিন শাম কাটিব। কৃষকৰ হিতৰ বাবে চৰকাৰে একপক্ষীয়ভাৱে গ্ৰহণ কৰা সিদ্ধান্তই কি ফল দিয়ে সেয়াও ভৱিষ্যত সময়ত স্পষ্ট হৈ পৰিব।

কিন্তু চৰকাৰীৰ এই নীতিৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। দিল্লী, পঞ্জাৱৰ লগতে দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ ৰাজপথেই উত্তাল হৈ পৰিছে। ৬ দিন অনশনে থাকি পাঞ্জাৱৰ কৃষকসকলে মোডী চৰকাৰীৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। শেহতীয়াকৈ এই প্ৰতিবাদৰ মাজতে দিল্লীৰ ইণ্ডিয়া গেটত জ্বলাই দিয়া হ’ল এখন ট্ৰেক্টৰ। এতিয়া এই কাণ্ডৰ আঁৰত কংগ্ৰেছ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে মোডী বাহিনীয়ে। অৱশ্যে ঘটনা সন্দৰ্ভত ৫ জনক আটকো কৰা হৈছে।

ইয়াৰ মাজতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কৃষকৰ বিদ্ৰোহক ‘বিৰোধীৰ প্ৰতিবাদ’ ৰূপে চিহ্নিত কৰিবলৈ গৈ মোডীয়ে টুইটাৰত লিখিছে, ‘আজি যেতিয়া কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিছে, তেতিয়াও এইসকল লোকে বিৰোধ প্ৰদৰ্শনত নামি পৰিছে।’

‘এইসকল লোকে নিবিচাৰে যে কৃষকে মুকলি বজাৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰক। যিবোৰ সামগ্ৰী, উপকৰণৰ কৃষকে পূজা কৰে, সেই সামগ্ৰীকে জ্বলাই দি এইসকল লোকে এতিয়া কৃষকসকলক অপমান কৰিছে।’ -টুইটাৰত এইদৰে লিখিছে প্ৰধানমন্ত্ৰীয়ে।