ইডিৰ কাৰ্যালয়ত মাতৃক জেৰা, বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰি আটক ৰাহুল গান্ধী

289

ইডিৰ কাৰ্যালয়ত মাতৃক জেৰা চলাই থকাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আটক কৰা হ’ল ৰাহুল গান্ধীক। নেচনেল হেৰাল্ড গোচৰত ইডিয়ে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীলৈ পুনৰ জাননী প্ৰেৰণ কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদত ভাগ লৈছিল পুত্ৰ ৰাহুল গান্ধীয়েও। বিজয় চ’কত সেই কংগ্ৰেছ ধৰ্নাৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰে ৰাহুলক। তদুপৰি আন বহু কংগ্ৰেছ নেতা-সমৰ্থক আটক কৰে আৰক্ষীয়ে।

পুৱা প্ৰায় এঘাৰ বজাত তেওঁ দিল্লীৰ ইডি কাৰ্যালয়ত উপস্থিত হয়। তেওঁৰ লগত আছিল পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী। ইডিয়ে তেওঁক বিত্তীয় জালিয়াতিৰ গোচৰত জেৰা কৰি আছে। ইডিৰ কার্যালয়ত উপস্থিত হোৱাৰ পাছতে বিজয় চ’কত সমর্থকসকলৰ সৈতে প্রতিবাদত যোগদান কৰে কংগ্রেছৰ সাংসদগৰাকীয়ে৷ আধা ঘণ্টাৰ ভিতৰতে দিল্লী আৰক্ষী তাত উপস্থিত হৈ প্ৰতিবাদকাৰী কংগ্ৰেছ সমৰ্থকক আটক কৰে। প্ৰথমতে আৰক্ষীয়ে সমৰ্থকসকলক তুলিবলৈ চেষ্টা কৰিছিল। সেই সময়ত দুয়োপক্ষৰ সমৰ্থকৰ মাজত এক বৃহৎ কাজিয়া হৈছিল।

২১ জুলাইত এই গোচৰত প্ৰথমবাৰৰ বাবে ইডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল ছোনিয়া গান্ধীয়ে। সেইদিনা তেওঁক কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ গোচৰীয়াই ২ ঘণ্টাৰো অধিক সময় জেৰা কৰিছিল। তাত মণিকা শৰ্মাৰ নেতৃত্বত ৫ জনীয়া এটা দলে ছোনিয়াক জেৰা কৰে।

সূত্ৰ অনুসৰি, জেৰাৰ সময়ত কংগ্ৰেছৰ অধ্যক্ষা পৰা ৩টা কথা সোধা হৈছিল। প্ৰথমতে, ইয়ং ইণ্ডিয়া লিমিটেডৰ জৰিয়তে নেচনেল হেৰাল্ড অধিগ্ৰহণ কৰাৰ সময়ত ছোনিয়া আৰু কংগ্ৰেছ নেতাসকলে কাক পৰামৰ্শ কৰিছিল? দ্বিতীয়তে, ছোনিয়া ইয়ং ইণ্ডিয়া লিমিটেডৰ শ্বেয়াৰহোল্ডাৰ আছিল। তেওঁ নাজানিছিলনে যে নেচনেল হেৰাল্ডে নিজৰ পাওনাদাৰক ধন দিব লাগিব? তৃতীয়তে, অধিগ্ৰহণৰ পিছত নেচনেল হেৰাল্ডৰ বিশাল সম্পত্তি কেনেকৈ বিতৰণ কৰা হৈছিল?

দেওবাৰে ৱায়ানাদৰ কংগ্ৰেছৰ সাংসদে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, মোদীৰ গৱেষণাৰ বাবেই দেশৰ যুৱক-যুৱতীসকল আন্ধাৰত গৈ আছে। চাৰি বছৰৰ পাছত সেনাৰ চাকৰি হেৰুৱাবলগীয়া হোৱা ‘অগ্নিবীৰ’সকলৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে। অৱশ্যে সেনা নিযুক্তিৰ ক্ষেত্ৰত এই আঁচনিৰ পৰা কোনো ধৰণৰ বিচ্যুতি নহ’ব বুলি ইতিমধ্যে কেন্দ্ৰই জনাইছে।