ইছলাম ধৰ্মাৱলম্বী লোক সকলে ঈদৰ নামাজ ঘৰতেই পঢ়িবলৈ আহ্বান

73

ষ্টাফৰিপোৰ্টাৰ, ২৪ মে’: আগন্তুক ঈদুল ফিতৰ উপলক্ষে সকলোলৈকে ঈদ মোবাৰক জনাইছে – এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক বিবৃতিত সাংসদ আজমলে কয় ” পবিত্ৰ এই ঈদে সমাজলৈ কঢ়িয়াই আনক শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ ৷ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোলৈকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ আৰু কয় “এই কৰ’না মহামাৰীৰ বাবে সকলোৱে চৰকাৰী নীতি নিয়ম মানি ঘৰতেই ইছলাম ধৰ্মাৱলম্বী লোক সকলে ঈদৰ নামাজ ঘৰতেই পঢ়ক আৰু নামাজৰ শেষত বিশ্ব শান্তিৰ বাবে তথা কৰ’নাৰ পৰা মুক্তি পাবলৈ সকলোকে দোৱা কৰিবলৈ আহ্বান জনালোঁ ৷ লগতে কৰ’নাত আক্ৰান্ত সকলৰ সোনকালে আশু আৰোগ্য কামনা কৰি পুনৰ সকলোলৈকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷”