ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচ আৰম্ভ হোৱাৰ ঠিক পূৰ্বে কোভিডত আক্ৰান্ত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা।
এই কথা টুইটযোগে জানিবলৈ দিয়ে বিচিচিআইয়ে। জানিব পৰা মতে, বৰ্তমান হোটেলৰ আইছ’লেশ্যন কোঠাত আছুতীয়াকৈ আছে ৰোহিত শৰ্মা। বিচিচিআইৰ চিকিৎসকৰ এটা দলে ক্ৰিকেটাৰগৰাকীক নীৰিক্ষণ কৰি আছে।
উল্লেখ্য যে, অহা ১ জুলাইত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেছত অৱতীৰ্ণ হোৱাৰ কথা ভাৰত। কিন্তু তাৰ পূৰ্বেই কোৰোনাৰ পাৰ্দুভাৱে চিন্তিত কৰিছে দুয়ো দেশৰ ক্ৰিকেট বোৰ্ড আৰু খেলুৱৈ সকলক।
কেইদিনমান পূৰ্বে, ভাৰতীয় দলটোৱে ইংলেণ্ড ভ্ৰমণ কৰাৰ ঠিক আগেয়ে ৰবিচন্দ্ৰন অশ্বিন কোৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছিল। অৱশ্যে তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে আৰু শেহতীয়াকৈ ভাৰতীয় শিবিৰত যোগদান কৰিছে।