আৰ্থিক সংকটৰ সন্মুখীন, অভিনেতাজনৰ মৃত্যু!

131

 ল’ক ডাউনৰ ফলত বন্ধ হৈ পৰিছিল সকলো কাম কাজ । অত্যন্ত আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল ।চিকিত্‍সা আৰম্ভ হোৱাৰ দিনটোৰ পৰাই কোনেও অভিনেতাজনৰ ফালে আগনবঢ়ালে সহায়ৰ হাত। শেষত এনে অৱস্থা হৈ গৈ যে, ব্যক্তিগত চিকিত্‍সালয়ৰ পৰা ধনৰ অভাৱত অভিনেতাজনক স্থানান্তৰ কৰা হয় চৰকাৰী হাস্পতাললৈ । আৰু কেইদিনমান পিছতে সকলো শেষ! শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতা ভাদিভেল বালাজীয়ে । অভিনেতাজনৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে দক্ষিণৰ চলচিত্ৰ উদ্যোগত।

বালাজীৰ বন্ধু আৰনথংগীয়ে নিশা অভিনেতাজনৰ কষ্টকৰ মৃত্যুৰ কথা জানিবলৈ দিয়ে। বন্ধু জনে কয় যে, ল’ক ডাউন আৰম্ভ হোৱাৰ পিছতে মানসিক ভাবে ভাঙি পৰিছিল বালাজী। হাতত কাম নথকাৰ বাবে বন্ধ হৈ পৰিছিল উপাৰ্জনৰ সকলো পথ। বালাজী আছিল টেলিভিছনৰ অভিনেতা। প্ৰতিদিনেই শ্ব’ কৰিছিল টিভিত। কিন্তু ল’ক ডাউনৰ সময়ত শ্বুটিং বন্ধ থকাৰ ফলত হাতলৈ অহা নাছিল ধন।

কিন্তু এই খিনি সময়তে হৃদৰোগত আক্ৰান্ত হয় অভিনেতাজন। প্ৰথমে পৰিয়ালৰ লোকে এখন ব্যক্তিগত হাস্পতালত অভিনেতাজনক ভৰ্তি কৰোৱা হৈছিল যদিও পিছত ধনৰ অভাৱত চৰকাৰী হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল। আৰু বৃহস্পতিবাৰে অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে। অভিনেতাজনৰ মৃত্যুত এতিয়া গভীৰ শোক প্ৰকাশ কৰিছে দক্ষিণৰ ছবি উদ্যোগৰ বহু অভিনেতা-অভিনেত্ৰীয়ে।