আৰ্থিক দৈন্যতা! মাতৃ-পত্নী আৰু দুই সন্তানক হত্যা কৰি আত্মহত্যা কমলেশ চাহুৰ

71

ডিজিটেল ডেস্ক:- উত্তৰ প্ৰদেশৰ ৰায়পুৰত আৰ্থিক দৈন্যতাৰ বলি হৈ মাতৃ-পত্নী-কন্যাক হত্যা কৰি অৱশেষত নিজেও আত্মহত্যা কৰিলে এজন ব্যক্তিয়ে। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে ৰায়পুৰৰ কেন্দ্ৰী গাঁৱৰ নিবাসী কমলেশ চাহু নামৰ এজন ব্যক্তিয়ে আৰ্থিক অভাৱৰ বাবেই নিজৰ মাতৃ, পত্নী আৰু দুই কন্যা সন্তানৰ চোকা অস্ত্ৰৰে হত্যা কৰে। এই ঘটনা সংঘটিত কৰাৰ পিছতে নিজেও আত্মহত্যাৰ পথ বাছি লয় ব্যক্তিজনে।

স্থানীয় লোকৰ মতে, কমলেশ চাহুৰ পৰিয়াল দীৰ্ঘ সময়ৰ পৰা ৰোগাক্ৰান্ত হৈ আছিল। কিন্তু পৰিয়ালৰ আৰ্থিক সমস্যাৰ বাবে চিকিৎসা সম্ভৱ হোৱা নাছিল পৰিয়ালটোৰ সদস্য সকলৰ। যাৰ পৰিণতিত পৰিয়ালৰ অইন সদস্য সকলক হত্যা কৰি নিজেও চিপ লৈ আত্মহত্যা কৰে ব্যক্তিজনে।