আৰ্থিকভাৱে দুৰ্বল মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বদৰুদ্দিন আজমলে

348

হাইস্কুল শিক্ষান্ত বা হাইমাদ্ৰাছা পৰীক্ষাত সফলতা অৰ্জন কৰিও এনে বহু ছাত্ৰ-ছাত্ৰী আছে, যিয়ে আৰ্থিক অভাৱৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

বিশেষকৈ বৰ্তমান সময়ত ‘শিক্ষাৰ বাণিজ্যিকীকৰণৰ পৰিপ্ৰেক্ষিতত বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে এটা সোণালী ভৱিষ্যত গঢ়াৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

এনে পৰিস্থিতিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে সাংসদ তথা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল।

টুইটযোগে এটা ফোন নম্বৰ শ্বেয়াৰ কৰি আজমলে ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱা অথচ আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা ছাত্ৰী-ছাত্ৰীক সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

টুইটটোত আজমলে লিখিছে, ‘যদি সফল ছাত্ৰ-ছাত্ৰীসকলৰ কোনোবাই ভাল নম্বৰ পাইছে কিন্তু শিক্ষা অব্যাহত ৰখাত আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে, তেন্তে +916900010052 নম্বৰত যোগাযোগ কৰিব পাৰে। সকলো সাম্ভাৱ্য সহায় কৰা হ’ব।’

উল্লেখ্য যে, বদৰুদ্দিন আজমলে তেওঁৰ আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে সময়ে সময়ে দুখীয়া মেধাৱী শিক্ষাৰ্থীক সহায় কৰি আহিছে।