আৰ্তজনৰ কাষত চি পি আই এম

92

ষ্টাফরিপোৰ্টাৰ ৬ এপ্ৰিল ::লক ডাউনৰ ফলত আৱদ্ধ হৈ পৰা অসহায় লোক সকলক সহায়ৰ বাবে চি পি আই (এম) দলে বিশেষ উদ্যোগ লৈছে। সোমবাৰে গুৱাহাটীৰ নাৰেংগীৰ আমগাঁও, পানীখাইতি লাহাপাৰা, পানীখাইতি ৰেল গেট, বীৰকুছি আৰু নাৰেংগীৰ বাবু বষ্টি অঞ্চলত চিপিআই এমৰ কেন্দ্ৰীয় গুৱাহাটী আঞ্চলিক কমিটিৰ উদ্যোগত প্ৰায় ১২০ ঘৰ পৰিয়ালৈ সহায়ৰ হাত আগবঢ়ায়। প্ৰতিটো পৰিয়াললৈ এক টোপোলা (দাইল,চাউল, আলু আৰু চাবোন) খাদ্যবস্তু যোগান ধৰে। খাদ্য বস্তুৰ টোপোলাসমূহ নিয়াৰিকৈ বিতৰণ কৰাত ক্ষেত্ৰত কামৰূপ(মেট্ৰ’) জিলা প্ৰশাসনে সম্পূৰ্ণ সহযোগীতা আগবঢ়ায় বুলি এক বিবৃতি যোগে চিপিআই(এম) কেন্দ্ৰীয় গুৱাহাটী আঞ্চলিক কমিটিৰ
সম্পাদক কাশ্যপ চৌধুৰীয়ে জনায়।