*
ষ্টাফৰিপোৰ্টাৰ, ২৬ এপ্ৰিল :: ৰাজ্যৰ অগ্ৰণী বেচৰকাৰী অনুষ্ঠান, আৰণ্যকৰ পৰা অসম চৰকাৰৰ আৰোগ্যনিধিৰ পুঁজিলৈ এক লাখ টকা প্ৰদান কৰা হৈছে| প্ৰকৃতি পৰিবেশৰ সংৰক্ষণ-ৰক্ষণাবেক্ষণৰ লগত বিগত তিনি দশক ধৰি নিৰৱচ্ছিন্নভাৱে জড়িত আৰণ্যকে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে চলা সংগ্ৰামখনলৈ ২৪ এপ্ৰিলত এই বৰঙনি আগবঢ়াইছে| উল্লেখ্য যে আৰণ্যকে ক’ভিড-১৯ৰ জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে নিজাববীয়াকৈ ভিন্ন পদক্ষেপ লোৱাৰ উপৰি অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগ, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ লগত যুটীয়াভাৱেও পদক্ষেপ লৈছে| তদুপৰি স্থানীয় জনসাধাৰণক জড়িত কৰি নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি কাপোৰৰ মাস্ক প্ৰস্তুত কৰি নিৰ্দিষ্ট লোকৰ মাজত বিতৰণ কৰি আছে|
