আৰিয়ান খানৰ সমৰ্থনত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ শিৱসেনা; NCB ৰ ভূমিকাৰ ওপৰত আঙুলি..

114

ডিজিটেল ডেস্ক: ক্ৰুজত ড্ৰাগছ পাৰ্টিৰ অভিযোগত এনচিবিয়ে গ্ৰেপ্তাৰ কৰা বলিউড অভিনেতা আৰিয়ান খানৰ সমৰ্থনত ওলাই আহিছে শিৱসেনা। শিৱসেনাৰ নেতা কিশোৰ তিৱাৰীয়ে আৰিয়ানৰ মৌলিক অধিকাৰ হনন হোৱাৰ অভিযোগেৰে দাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ। ন্যায়ালয়ত আবেদন দাখিল কৰি তেওঁ মুখ্য ন্যায়াধীশক গোচৰটোৰ স্বতঃ প্ৰণোদিতভাৱে বিবেচনা কৰিবলৈ দাবী জনাইছে।

শিৱসেনাৰ নেতা কিশোৰ তিৱাৰীয়ে আবেদনখনত উল্লেখ কৰিছে যে আৰিয়ান খানৰ মৌলিক অধিকাৰ সমূহ গোচৰটোত নিৰন্তৰ উলংঘন হৈ আছে। শিৱসেনাৰ নেতাজনে তেওঁৰ আবেদনত আৰু লিখিছে যে ড্ৰাগছৰ গোচৰত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ ভূমিকাও তদন্ত কৰা উচিত। আৱেদনখনৰ জৰিয়তে বিষয়টোৰ ন্যায়িক তদন্ত বিচাৰিছে শিবসেনাই। উল্লেখ্য যে মহাৰাষ্ট্ৰ চৰকাৰৰ এজন মন্ত্ৰী নৱাব মালিকেও এনচিবিৰ ভূমিকাৰ ওপৰত নিৰন্তৰ প্ৰশ্ন উত্থাপন কৰি আহিছে।

শিৱসেনাৰ নেতাজনে অভিযোগ কৰি কয় যে তেওঁ মুম্বাইত এনচিবিৰ বিদ্বেষপূৰ্ণ শৈলী, মনোভাৱ আৰু লেতেৰা প্ৰতিশোধৰ ঘটনাবোৰ আঙুলিয়াই দিব বিচাৰি থকাৰ বাবে সংস্থাটোৰ বিষয়াসকলে যোৱা দুবছৰ ধৰি নিৰ্বাচিত চলচ্চিত্ৰ চেলিব্ৰিটি আৰু কিছুমান মডেলক লক্ষ্য কৰি আহিছে।

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান বৰ্তমান ক্ৰুজত ড্ৰাগছ পাৰ্টিৰ অভিযোগত কেন্দ্ৰীয় মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে৷ এনচিবি দলে ২ অক্টোবৰৰ সন্ধিয়া গোৱা অভিমুখী কৰ্ডেলিয়া ক্ৰুজত অভিযান চলাই ড্ৰাগছ জব্দ কৰে আৰু পিছত গ্ৰেপ্তাৰ কৰে৷ আৰিয়ান খানৰ জামিনৰ সিদ্ধান্ত ২০ অক্টোবৰত লোৱা হ’ব।