উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ কহৰাত ৯-১০ জুনলৈ এক দুদিনীয়া হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণ সম্পৰ্কীয় প্ৰশিক্ষণ আৰু দিকদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । কহৰাৰ চন্দ্ৰছিং ৰংপি গাঁৱৰ সমূহীয়া সমল কেন্দ্ৰত অনুষ্ঠিত প্ৰশিক্ষণত কাৰ্বি আংলং-কাজিৰঙা অঞ্চলৰ ছখন গাঁৱৰ ১৫ গৰাকী মহিলাৰ লগতে স্থানীয় চন্দ্ৰছিং ৰংপি মেম’ৰিয়েল হাইস্কুলৰ (চিআৰএমএইছএছ) ১২ গৰাকী আগ্ৰহী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । আৰণ্যকৰ বিকল্প বহনক্ষম জীৱিকা (এ এছ এল) অভিযানৰ অধীনত স্থানীয় মহিলাসকলক দিয়া এই প্ৰশিক্ষণত হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণ আৰু তেওঁলোকক সঠিক দিকদৰ্শন দিয়াৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় । এই কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে উপস্থিত থকা এলেংপথাৰ গাঁৱৰ উদ্যোগী মহিলা মীনা টকবিপীয়ে অংশগ্ৰহণকাৰীসকলক হাতে-কামে “গ্ৰীণ টী” আৰু “অৰ্থডক্স টী” প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ আৰু দিহা পৰামৰ্শ দিয়ে।
Latest article
জক’ভিচক পৰাস্ত কৰি মিয়ামি অ’পেনৰ চেম্পিয়ন জাকুব মেনচিক
চেক গণৰাজ্যৰ তাৰকা জাকুব মেনচিকে ছাৰ্বিয়ান টেনিছৰ তাৰকা ন'ভাক জক'ভিচক পৰাস্ত কৰি মিয়ামি অ'পেন খিতাপ জয় কৰে। মিয়ামিৰ হাৰ্ড ৰক ষ্টেডিয়ামত পুৰুষৰ একক ফাইনেলত...
ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমণা বিচিচিআইৰ
ৰিয়ান পৰাগে চলিত আই পি এলত মুঠ তিনিখন খেলত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিছে আৰু এখনত জয়লাভ কৰিছে। প্ৰাৰম্ভিক দুখন মেচত পৰাজিত হোৱাৰ পিছত ৰয়েলছে...
অসমত মীন পালন আৰু জীৱিকা বৃদ্ধিৰ বাবে ২০৯ কোটি টকাৰ ঋণ প্ৰদান জাইকাৰ
জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা)ই ৩,৫৮০ মিলিয়ন জাপানীজ য়েন(প্ৰায় ২০৮ কোটি টকা) মূল্যৰ মীন পালনৰ এক ঋণ চুক্তিত স্বাক্ষৰ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে মীন...