আৰণ্যকৰ উদ্যোগত আইনী কৰ্মশালা অনুষ্ঠিত

319

বিভিন্ন বন আইন/নিয়মাৱলী আৰু বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ সন্দৰ্ভত সাজাগতা সৃষ্টিৰ উদ্দেশ্যে লখিমপুৰৰ টেৰিটৰিয়েল আৰু সামাজিক বনানীকৰন সংমণ্ডলৰ বিট অফিচাৰ আৰু ফৰেষ্টাৰ (প্ৰথম শ্ৰেণী)কে ধৰি বন বিভাগৰ ক্ষেত্ৰ বিষয়াসকলক লৈ লখিমপুৰত ৩০ জুলাইত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ।

লখিমপুৰৰ সংমাণ্ডলিক বন কাৰ্যালয়ে (টেৰিট’ৰিয়েল সংমণ্ডল) উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সহযোগত লখিমপুৰৰ জাপিসজীয়াস্থিত সংমাণ্ডলিক বন কাৰ্যালয়ৰ (সামাজিক বনানীকৰন সংমণ্ডল) সন্মিলন গৃহত “বন আইন/নিয়মাৱলী আৰু বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ আৰু ইয়াৰ প্ৰয়োগ সম্পৰ্কীয় আইনী কৰ্মশালা” শীৰ্ষক কৰ্মশালাখনৰ আয়োজন কৰিছিল ।

লখিমপুৰৰ সহকাৰী বন সংৰক্ষক (এচিএফ) অশোক দাসে অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰি বন বিষয়া হিচাপে তেওঁৰ কেৰিয়াৰত এতিয়ালৈকে বিভিন্ন আদালতৰ গোচৰৰ ক্ষেত্ৰত লাভ কৰা বিচিত্ৰ অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে।

কৰ্মশালাখনত মূল বক্তা হিচাপে অংশগ্ৰহণ কৰা আৰণ্যকৰ জ্যেষ্ঠ আইন পৰামৰ্শদাতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অজয় কুমাৰ দাসে বন অপৰাধ আৰু বন্যপ্ৰাণী অপৰাধৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্যৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায় ।

ৰেঞ্জ অফিচাৰ (সুৰক্ষা) ৰকিবুদ্দিন আহমেদে উদ্বোধন কৰা কৰ্মশালখনত ৰেঞ্জ অফিচাৰ এইচ নাথ, জি তালুকদাৰ আৰু বি বসুমতাৰীয়েও অংশগ্ৰহণ কৰে ।

কৰ্মশালাখনৰ কাৰ্যসূচীৰ সামৰণি মাৰি এ চি এফ অশোক দাসে কৰ্মশালাখনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে সকলো অংশগ্ৰহণকাৰীৰ শলাগ লয় আৰু কয় যে কৰ্মশালাখনে তেওঁলোকক অধিক সুচাৰুৰূপে তেওঁলোকৰ দায়িত্ব পালনত সহায় কৰিব ।