আৰক্ষী বিষয়াৰ বিস্ফোৰক মন্তব্য- ধৰ্ষণ হোৱা নাছিল হাথৰসৰ নিৰ্যাতিতাৰ…

91

ডিজিটেল ডেস্কঃ ‘উত্তৰ প্ৰদেশৰ হাথৰসত মৃত্যু সাৱটি লোৱা ১৯ বছৰীয়া যুৱতীগৰাকীৰ গণধৰ্ষণ হোৱা নাছিল।’ -এই বিস্ফোৰক মন্তব্য কৰিছে আলীগড়ৰ আই জি পিয়ুষ মোৰদিয়াই। বুধবাৰে আৰক্ষী বিষয়াগৰাকীয়ে যুৱতীগৰাকীৰ মেডিকেল পৰীক্ষাৰ এক ৰিপ’ৰ্টৰ উদ্ধৃতি দাঙি ধৰি কয় যে যুৱতীগৰাকীৰ জিভা কটা হৈছিল, প্ৰহাৰ কৰি হাড় ভঙা হৈছিল, কিন্তু গণধৰ্ষণ কৰা হোৱা নাছিল।

আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘২২ ছেপ্তেম্বৰত নিৰ্যাতিতাই ৪ জনৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে। কিন্তু মেডিকেল পৰীক্ষাই যুৱতীগৰাকীৰ সৈতে ধৰ্ষণ হোৱাটো নিশ্চিত কৰা নাই। ফৰেনচিক লেবৰটৰীলৈ ইতিমধ্যে নমুনা প্ৰেৰণ কৰা হৈছে আৰু ৰিপ’ৰ্টৰ বাবে অপেক্ষা কৰা হৈছে। আটাইকেইজন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।’

উল্লেখ্য যে, হাথৰসত নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকীৰ ২৯ ছেপ্তেম্বৰত মৃত্যু ঘটে। আনহাতে যুৱতীগৰাকীৰ পৰিয়ালক একপ্ৰকাৰ কোঠাত বন্দী কৰি নিশাৰ অন্ধকাৰত উত্তৰ প্ৰদেশ আৰক্ষীয়েই অন্তিম সংস্কাৰ সম্পন্ন কৰে যুৱতীগৰাকীৰ। আৰক্ষীৰ এনে কাণ্ডক লৈও দেশজুৰি ক্ষোভৰ উদগীৰণ ঘটিছে।