আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধেই গৰু সৰবৰাহ, ধন দাবীৰ অভিযোগ স্তানীয় ৰাইজৰ

51

আৰক্ষী মানে সাধাৰণ জনতাৰ বাবে এটা নিৰাপত্তাৰ শব্দ। কিন্তু আৰক্ষীয়েই যেতিয়া সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে, তেতিয়া কি কৰিব জনতাই? হাটশিঙিমাৰীৰ সুখচৰ থানাৰ এল চি অখিৰুল খান্ধকাৰৰ বিৰুদ্ধেও এতিয়া বিভিন্ন অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। গৰুৰ সৰবৰাহ, চোৰাং চিকাৰীৰ সৈতে গোপন বুজাবুজি, এজাহাৰ দাখিল কৰিবলৈ যোৱা সাধাৰণ জনতাৰ পৰা ধনদাবীৰ দৰে অনেক অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে এল চি খন্ধকাৰৰ বিৰুদ্ধে।

স্থানীয় ৰাইজে আৰক্ষী অধীক্ষকক দাখিল কৰা লিখিত অভিযোগ অনুসৰি এল চি খন্ধকাৰে ক্ষমতাৰ অপপ্ৰয়োগ কৰি নিজেই মদ-ভাং সেৱন কৰি সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ চলায়। থানাত এজাহাৰ দাখিল কৰিবলৈ যোৱা নিৰীহৰ ওপৰতো অকথ্য নিৰ্যাতন চলায় এইগৰাকী এলচিয়ে।

ৰাইজে দুৰ্নীতিপৰায়ণ আৰু অত্যাচাৰী এলচি অখিৰুল খন্ধকাৰক সুখচৰ আৰক্ষী থানাৰ পৰা বদলি কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী অধীক্ষকৰ ওচৰত দাবী জনাইছে।