আৰক্ষী কনিষ্টবলৰ ঘৰৰ পৰা চোৰে চুৰি কৰি লৈ গ’ল AK47 ৰাইফলৰ ৯০ জাঁই সজীৱ গুলী

302

এগৰাকী আৰক্ষী কনিষ্টবলৰ ঘৰৰ পৰা চোৰে একে-৪৭ৰ ৯০ জাঁই সজীৱ গুলী চুৰি কৰি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত।

জানিব পৰা মতে, নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাপে নিয়োজিত এগৰাকী কনিষ্টবলৰ ঘৰৰ পৰা চোৰে চুৰি কৰি লয় যায় নগদ ধন আৰু সোণৰ অলংকাৰসহ একে-৪৭ ৰাইফলৰ ৯০ জাঁই সজীৱ গুলী।

৫ দিন পূৰ্বে সংঘটিত এই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ পিছতে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে অৰুণজ্যোতি শইকীয়া নামৰ আৰক্ষী কনিষ্টবলগৰাকীক।

ইফালে এগৰাকী কনিষ্টবলৰ ঘৰৰ পৰা এনেদৰে বন্দুকৰ সজীৱ গুলী চুৰি হোৱাৰ ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰো। এই চুৰি কাণ্ডৰ আঁৰত কোনো জেহাদী বা সন্ত্ৰাসবাদী সংগঠন জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে বহুজনে।

আনহাতে সমগ্ৰ চুৰিকাণ্ডৰ বিষয়টোক লৈ নগাঁও আৰক্ষীয়ে গ্ৰহণ কৰা নিৰাৱতাইও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত।