আৰক্ষীৰ শাৰীৰিক পৰীক্ষাৰ সময়ত অঘটন

75

আৰক্ষী কনিষ্টবল পদৰ নিযুক্তিৰ বাবে শাৰীৰিক পৰীক্ষাৰ সময়ত সংঘটিত হয় এক শোকাৱহ ঘটনা। শাৰীৰিক পৰীক্ষা দিবলৈ গৈ মৃত্যুক আকোৱালি ল’লে ১১জন পৰীক্ষাৰ্থীয়ে। পৰীক্ষাৰ সময়ত বহু পৰীক্ষাৰ্থী অসুস্থ হৈ পৰাৰ খবৰো পোহৰলৈ আহিছে। ইয়াৰ পিছতে বহু লোকে এই আৰক্ষী নিযুক্তি পৰীক্ষা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে।এই কৰুণ ঘটনাতো সংঘটিত হৈছে ঝাৰখণ্ডত। আৰক্ষীৰ নিযুক্তি পৰীক্ষা দিবলৈ গৈ প্ৰাণ হেৰুৱাইছে ১১গৰাকীকৈ পৰীক্ষাৰ্থীয়ে। এই শোকাৱহ ঘটনাৰ পিছত আৰক্ষী নিযুক্তি পৰীক্ষাক লৈ নতুন গাইডলাইন অনা হৈছে। প্ৰতিটো বাছনি কেন্দ্ৰত খোৱাপানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে। ঔষধৰ ব্যৱস্থা কৰিবলৈ প্ৰতিটো কেন্দ্ৰত চিকিৎসা দলৰ ব্যৱস্থা কৰাৰ কথাও আলোচনা কৰা হৈছে।