আৰক্ষীৰ পোছাকত ক’লা দাগ! ঘোচ লৈ গ্ৰেপ্তাৰ SI ছাৰ আৰু ২ কনিষ্টবল

245

আৰক্ষীৰ পোছাকত আকৌ লাগিল দাগ। বৃহস্পতিবাৰে ঘোচ গ্ৰহণৰ সময়তে পুনৰ ৰাজ্যত গ্ৰেপ্তাৰ হয় অসম আৰক্ষীৰ তিনিজন জোৱান।

বৃহস্পতিবাৰে নিশা মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক (এছ আই) আৰু দুজন কনিষ্টবলক আটক কৰে দুৰ্নীতি নিবাৰক শাখাই।

জানিব পৰা মতে, অভিযুক্তক জামিন প্ৰদানৰ নামত ২০ হাজাৰ টকা উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় ঘোচখোৰ আৰক্ষী কেইজন।

আটকাধীন অসম আৰক্ষীৰ জোৱান কেইজন হৈছে এছ আই মুকুন্দ্ৰ উপাধ্যায়, কনিষ্টবল (এ বি চি) মিজানুল হক আৰু হীৰক জ্যোতি ডেকা।

খবৰ অনুসৰি এছ আই মুকুন্দ্ৰ উপাধ্যায়ে অভিযোগকাৰীৰ পৰা এটা গোচৰ নিষ্পত্তিৰ বাবে ধন দাবী কৰা বুলি জানিব পৰা গৈছে।

দাবী কৰা ধনৰ পৰা ২০ হাজাৰ টকা গ্ৰহণ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে, এছ আই উপাধ্যায়ৰ সৈতে ষড়যন্ত্ৰ কৰাৰ ভূমিকাত মিজানুল হক আৰু হিৰক জ্যোতি ডেকা নামৰ দুজন কনিষ্টবলকো গ্ৰেপ্তাৰ কৰা হৈছে।