চৰকাৰে প্ৰস্তুত কৰা মাটিৰ দালালৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবদ লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ঠেলামৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া তথা গুৱাহাটীস্থিত বৰঠাকুৰ IAS একাডেমীৰ প্ৰতিষ্ঠাপক বৰেণ্য ৰঞ্জন বৰঠাকুৰ। শনিবাৰে গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা ভিজিলেন্স এণ্ড এণ্টী কৰাপচনৰ দলে গ্ৰেপ্তাৰ কৰে ভূমি ৰাজহ সেৱাৰ বিষয়াজনক।
উল্লেখ্য ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ তালিকাৰ পৰা দালালৰ নাম কৰ্তনৰ নামত ধন লবলৈ আহি গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল গুলজাৰ হুছেইন। তাৰ পিছতে এই কাণ্ডত চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰো জড়িত থকাৰ কথা পোহৰলৈ আহিছিল। আৰক্ষীৰ তালিকাৰ পৰা নাম কৰ্তনৰ নামত এজন দালালৰ পৰা ৮ লাখ টকা দাবী কৰিছিল বিষয়া বৰঠাকুৰে। গুলজাৰে হুছেইনে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া মতে তেওঁ চক্ৰ বিষয়া বৰঠাকুৰৰ নিৰ্দেশতহে ধন নিবলৈ আহিছিল। ইয়াৰ পিছতে আজি বৰঠাকুৰক গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখ্য যে ধৃত চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ হৈছে প্ৰাক্তন IAS বিষয়া তথা ২১০০ কোটি টকীয়া কেলেংকাৰীত নাম সাঙোৰ খোৱা সমাজ কল্যাণ সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দিলীপ বৰঠাকুৰ পুত্ৰ।
