পুনৰ আৰক্ষীৰ জালত গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ কাণ্ডৰ আন দুজন অভিযুক্ত।
মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ ধৰ্ষণৰ অভিযুক্ত ফাইজুল আৰু পোনা আলীক।
অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে আন দুজন অভিযুক্ত।
উল্লেখ্য যে, গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ ইতিমধ্যে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ঘটিছে।
দামপুৰ পাহাৰত আত্মসমৰ্পণ কৰাৰ পিছত নিশা গুৱাহাটীলৈ অনা হৈছিল বিকি আলীক।
সেই সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলোৱাত ৪ জাই গুলী চলায় আৰক্ষীয়ে।
যাৰ ফলত থিতাতে মৃত্যু ঘটে মূল অভিযুক্ত বিকি আলীৰ।
আৰক্ষীয়ে সদৰী কৰা মতে, ধৰ্ষণত অভিযুক্ত ফাইজুল আৰু পোনা আলীয়ে মৰিগাঁৱত আত্মগোপন কৰি আছিল।
