আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা, এনকাউণ্টাৰত আহত হ’ল অপৰাধী বগা

103

দক্ষিণ কামৰূপৰ বিজয়নগৰত আৰক্ষীৰ এনকাউণ্টাৰত আহত দুৰ্ধৰ্ষ গাড়ী চোৰ তথা বিজয়নগৰৰ ব্যৱসায়ীক আক্ৰমণ ঘটনাৰে জড়িত অপৰাধী আনোৱাৰ হুছেইন ওৰফে বগা।

উল্লেখ্য যে, যোৱা ১ আগষ্টত বিজয়নগৰৰ ব্যৱসায়ী পৱন কুমাৰ আগৰৱালাক নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত পিষ্টল দেখুৱাই আক্ৰমণ কৰা ঘটনাৰে জড়িত থকাৰ অভিযোগত পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আনোৱাৰ হুছেইন ওৰফে বগা আৰু টফুকুল আলী ওৰফে টেকেলি নামৰ দুধৰ্ষ আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ দুজনক।

বুধবাৰে পলাশবাৰী আৰক্ষীয়ে তদন্তৰ বাবে আনোৱাৰ হুছেইনক বৰদুৱাৰৰ লোহাৰঘাট অঞ্চললৈ লৈ গৈছিল। তাতেই আৰক্ষীক ধূলি দি পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে অপৰাধীজনৰ ভৰিত গুলীয়াবলৈ বাধ্য হয়। যাৰ ফলত আঘাত প্ৰাপ্ত হয় অপৰাধী বগা। পিছত দুৰ্ধৰ্ষ ডকাইতজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়।