আৰক্ষীৰ গুলীচালনাত মৃত্যু হ’ল পত্নী-পুত্র হন্তা সঞ্জয় দাসৰ

76

ষ্টাফৰিপোৰ্টাৰ, ১৯ মে’ : অসমত এক নাৰকীয় হত্যাকাণ্ড সংঘটিত হৈছে। ডিব্রুগড়ত সোমবাৰে এছ এছ বি ৰ অৱসৰপ্রাপ্ত জোৱানে গুলীয়াই হত্যা কৰিছিল পত্নী, পুত্রসহ সম্পৰ্কীয় মোমায়েকক। তাৰ পিছৰে পৰা আত্মগোপন কৰিছিল হত্যাকাৰী সঞ্জয় দাসে। অপৰাধীক বিচাৰি নিৰন্তৰ অভিযান চলিছিল ডিব্রুগড় আৰক্ষীৰ। নিশা এটা পৰিত্যক্ত ভৱনত আত্মগোপন কৰি থকা সঞ্জয় দাসক বিচাৰি উলিয়াইছিল আৰক্ষীয়ে। কিন্তু আত্মসমৰ্পণৰ পৰিৱৰ্তে অধিক আক্রমণাত্মক হৈ পৰে সঞ্জয় দাস। ফলত আৰক্ষীৰ গুলীচালনাত মৃত্যু হ’ল পত্নী-পুত্র হন্তা সঞ্জয় দাসৰ।