আৰক্ষীক প্ৰহাৰ বিজেপি কৰ্মীৰ

157

কলকাতাৰ হাওৰাত এতিয়া উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে।কলকাতাৰ এমজি ৰোডত আৰক্ষী জোৱানক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে একাংশ বিজেপি কৰ্মীয়ে।জানিব পৰা মতে পশ্চিমবংগৰ মূখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে একাংশ বিজেপি কৰ্মীয়ে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছিল।আৰু তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰতিবাদকাৰীক।উল্লেখযোগ্য যে প্ৰতিবাদ কাৰীক বাধা দিয়াৰ বাবেই আৰক্ষী জোৱানক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে।নিজৰ প্ৰাণৰ মমতাত দৌৰিবলৈ আৰম্ভ কৰে আৰক্ষী জোৱানে।দৌৰাই দৌৰাই আৰক্ষীক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে।জানিবলৈ পৰা মতে এতিয়া অৰ্থাৎ আজিৰ দিনটোত হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কলকাতাত।উল্লেখ কৰিব লাগিব যে আৰক্ষীক উপৰ্যুপৰি মাৰপিত কৰিও শান্ত নাথাকিল উদ্ভণ্ডালি একাংশ বিজেপি কৰ্মী।আৰক্ষী গাড়ীত পেট্ৰল ঢালি জ্বলাই দিয়াৰো দৃশ্য বন্দী হৈছে কেমেৰাত।উল্লেখ কৰিব লাগিব যে একাংশ বিজেপি কৰ্মীয়ে লক্ষ্য কৰি লৈছে নেকি তৃণমূল চৰকাৰক?সেয়াও পৰৱৰ্তী সময়ত লয়ক্ষণীয় হব।এতিয়া এই পৰিস্থিতিয়ে কি মূৰ লয় লয়ক্ষণীয় হব।নে এনেদৰেই উত্তপ্ত হৈ থাকিব কলকাতা ?