আৰএছএছৰ জ্যেষ্ঠ চিন্তাবিদ মাধৱ গোবিন্দ বৈদ্যৰ দেহাৱসান

93

ডিজিটেল ডেস্ক: আৰ এছ এছৰ জ্যেষ্ঠ চিন্তাবিদ আৰু সংগঠনটোৰ প্ৰথম মুখপাত্ৰ মাধব গোৱিন্দ বৈদ্য(ৰ শনিবাৰে বিয়লি মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৭ বছৰ।

পৰিয়ালৰ লোকে সদৰী কৰা মতে দীৰ্ঘদিনৰ পৰা বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছিল মাধৱ গোবিন্দ বৈদ্য। হাস্পতালতে আজি বিয়লি ৩.৩৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে তেওঁ কিছুদিন পূৰ্বে কোৰোনা ভাইৰাচতো আক্ৰান্ত হৈছিল যদিও পিছত সুস্থ হৈ উঠিছিল।